ফেইচবুক


ফেইচবুক, ইনকৰ্পৰেটেড
প্ৰকাৰ ব্যক্তিগত (planning IPO)
প্ৰতিষ্ঠা কেম্ব্ৰিডজ, মেছাচুচেৎছ, আমেৰিকা[1] (২০০৪ (2004))
প্ৰতিষ্ঠাপক
মূখ্য কাৰ্যালয় পাউলো আল্টো, কেলিফোৰ্ণিয়া, আমেৰিকা,
বৰ্তমান মেনলো পাৰ্ক, কেলিফোৰ্ণিয়া, আমেৰিকালৈ স্থানান্তৰিত কৰা হৈছে
কৰ্মৰ এলেকা বিশ্বজুৰি
উল্লেখযোগ্য ব্যক্তি
ৰাজহ বৃদ্ধি ৪২.৭ কোটি মাৰ্কিন ডলাৰ (২০১১)[2]
মুঠ আয় অপ্ৰযোজ্য
কৰ্মচাৰী ৩০০০+ (২০১১)[3]
ৱেবছাইট www.facebook.com
IPv6 সেৱা www.v6.facebook.com
এলেক্সা তালিকাত স্থান steady ২ (নবেম্বৰ ২০১১)[4]
ৱেবছাইটৰ প্ৰকাৰ চচিয়েল নেটৱৰ্কিং সেৱা
বিজ্ঞাপন Banner ads, referral marketing, casual games
পঞ্জীকৰণ প্ৰয়োজনীয়
ব্যৱহাৰকাৰী ৮ কোটি[5] (চেপ্টেম্বৰ ২০১১ত সক্ৰিয়)
উপলব্ধ ভাষা বহুভাষিক
প্ৰচলন হয় ৪ ফেব্ৰুৱাৰী, ২০০৪
বৰ্তমানৰ স্থিতি সক্ৰিয়

ফেইচবুক (ইংৰাজী: Facebook) এক চচিয়েল নেটৱৰ্কিং সেৱা আৰু ৱেবচাইট। ইয়াক ফেইচবুক ইনকৰ্পৰেটেড[1] নামৰ ব্যক্তিগত কোম্পানিয়ে ২০০৪ চনত ইন্টাৰনেটৰ জৰিয়তে প্ৰচলন কৰিছিল। জুলাই ২০১৩ৰ তথ্য অনুসৰি ১.১৫ বিলিয়নৰো (১১৫ কোটি) অধিক ব্যৱহাৰকাৰীয়ে সক্ৰিয়ভাবে ফেইচবুক ব্যৱহাৰ কৰে।[6] ইয়াক ব্যৱহাৰ কৰিবলৈ সদস্যভুক্ত হোৱা প্ৰয়োজন, ৱেবচাইটটোত এটা বিনামূলীয়া একাউন্ট খুলি ল'ব লাগে। সদস্য সকলে ইয়াত নিজৰ "প্ৰফাইল"ত নিজৰ নাম-ঠিকনা, শিক্ষাগত অৰ্হতা, চাকৰি বা পেচা আদি (ঐচ্ছিকভাবে) প্ৰকাশ কৰাৰ উপৰিও 'ন'টচ' (ফেইচবুকৰ সীমিত সুবিধা থকা ব্যক্তিগত 'ব্লগ'), তড়িৎ যোগাযোগ বা "মেচেজিং", যুটীয়াভাবে ব্যৱহাৰ কৰিব পৰা আলোচনা সমাজ বা ফেইচবুক গ্ৰুপ, ফটো প্ৰকাশ বা ষ্ট'ৰ কৰিব পৰা আদি বিভিন্ন (বিনামূলীয়া) সেৱা লাভ কৰে। শেহতিয়াকৈ ইয়াত 'ফেইচবুক পেজ' বুলি গ্ৰুপৰ নিচিনাই সা-সুবিধা থকা বিনামূলীয়া ৱেবচাইট সেৱা, প্ৰগ্ৰেমাৰ সকলে প্ৰগ্ৰেমিঙৰ সহায়ত ইয়াৰ সেৱাসমূহ যেনে লগ-ইন, 'টিকাৰ', 'ৱাল' আদি সুবিধাক ব্যৱহাৰ কৰিব পৰাকৈ ইয়াৰ 'গ্ৰাফ' 'এ পি আই' (API = Application Programming Interface) আদি সংযোগ কৰা হৈছে। আমেৰিকাৰ কিছুমান বিশ্ববিদ্যালয়ত নবাগত সকলে ইজনে সিজনক চিনি পোৱাত সহায় হ'বলৈ 'ফেইচবুক' বুলি এটা নিজা ইণ্টাৰনেট "ডাইৰেক্টৰী চাৰ্ভিছ" (ৱেবচাইট) ব্যৱহাৰ কৰি তেওঁলোকৰ বিতং তথ্য প্ৰকাশ কৰাৰ ব্যৱস্থা কৰে। ইয়াৰ পৰাই ফেইচবুক নামটো লোৱা হৈছে।[7]

ফেইচবুকৰ স্থাপন কৰ্তা হৈছে মাৰ্ক জুকাৰবাৰ্গ আৰু তেওঁৰ সহপাঠী এডুৱাৰ্ড’ চাভেৰিন, ডাষ্টিন মস্কভাইট আৰু ক্ৰিছ হিউজেছ[8]

  1. 1.0 1.1 Eldon, Eric (December 18, 2008). "2008 Growth Puts Facebook In Better Position to Make Money". VentureBeat (San Francisco). http://venturebeat.com/2008/12/18/2008-growth-puts-facebook-in-better-position-to-make-money/। আহৰণ কৰা হৈছে: December 19, 2008. 
  2. Womack, Brian (September 20, 2011). "Facebook Revenue Will Reach $4.27 Billion". Bloomberg.com. http://www.bloomberg.com/news/2011-09-20/facebook-revenue-will-reach-4-27-billion-emarketer-says-1-.html। আহৰণ কৰা হৈছে: September 25, 2011. 
  3. "Press Info", Facebook. Retrieved November 17, 2011.
  4. "Facebook.com Site Info". Alexa Internet. http://www.alexa.com/siteinfo/facebook.com। আহৰণ কৰা হৈছে: 2011-11-02. 
  5. Adam Ostrow (2011-09-22). "Facebook Now Has 800 Million Users". Mashable.com. http://mashable.com/2011/09/22/facebook-800-million-users/। আহৰণ কৰা হৈছে: 2011-10-29. 
  6. "Facebook F8: Redesigning and hitting 800 million users". LA Times. September 22, 2011. http://latimesblogs.latimes.com/technology/2011/09/facebook-f8-media-features.html। আহৰণ কৰা হৈছে: September 24, 2011. 
  7. "Information For Parents and Educators". https://www.facebook.com/help/parents। আহৰণ কৰা হৈছে: 2011-11-22. 
  8. Carlson, Nicholas (March 5, 2010). "At Last – The Full Story Of How Facebook Was Founded". Business Insider. http://www.businessinsider.com/how-facebook-was-founded-2010-3#we-can-talk-about-that-after-i-get-all-the-basic-functionality-up-tomorrow-night-1. 

Developed by მერაბ მგელაძე